ক্ষুদ্ৰ অনুভূতি"""""" নাজানোঁ জীৱনৰ শেষ কেতিয়া হব, যেতিয়া নুমাই যায় পোহৰ তেতিয়াই নামি আহে অন্ধকাৰ। ধূসৰ শূণ্যতাই বুকু চিঙি কৈ দিয়ে--+ মই বোলে যাযাবৰ, নিৰৱতা নৃত্য কৰে, তাতে দেখোঁ , মই চিৎকাৰ কৰোঁ, থমকি যায় জীৱন চলাৰ পথ। মোৰ আৰ্তনাদ বুকু ফটা চিৎকাৰ নাই যে কোনো শুনাৰ। পথ হেৰুৱা বাটত হাবাথুৰি খাই ঘুৰি ফুৰোঁ মনত জাগে হতাশাৰ হাহাকাৰ। শান্তনা দি পুহি ৰাখি বুকুত হাত থৈ কওঁ নাই যে একোৱেই হেৰুৱাৰ। পথত চলো নিৰৱধি খুজোঁ বিধাতাৰ লিখা সেই মৃত্যু দুৱাৰৰ কাৰণে যি মোৰ অপেক্ষাত আছে জীৱনৰ পূৰ্ণতা পাবলৈ অপেক্ষাত মই এক ক্লান্ত যাযাবৰ।
No comments:
Post a Comment