Monday, 28 August 2017

-----"বন্ধুত্বৰ প্ৰেম"-----

-----"বন্ধুত্বৰ প্ৰেম"-----
এক নিস্বাৰ্থ প্ৰেম,
আন্তৰিকতা ৷
বিশ্বাসৰ এনাজৰীৰে বন্ধা ৷
দুটি প্ৰাণ,দুখন হূদয়
তথাপি যেন একেটি মন ৷
দূৰে দূৰে থাকিও অনুভৱ,
কাষতেই সদায় ৷
হিয়া উজাৰি প্ৰকাশ হয়,
সময়ে সময়ে ৷
মই তোমাৰ,তুমি মোৰ
"বন্ধু" ৷
ভাষাৰে বুজাব নোৱাৰা,
আমাৰ এই সম্পৰ্ক ৷
দূখত দূখী,সুখত সুখী হৈ
প্ৰাণভৰি জিৰাওঁ বন্ধুত্বৰ পঁজাত ৷
তোমাৰ বিনে যেন প্ৰতিপল মোৰ,
কিবা উকা উকা ৷
খং-অভিমান বোৰ যে আমাৰ,
ভাতৰ লগত পানী খোৱা ৷
তোমাৰ কাষত মই ,
সৰ্বসাহসী হওঁ ৷
দূখৰ হিমালয় ও,
নিমিষতে পাৰ হওঁ ৷
যুগে যুগে বিচাৰো সেয়ে,,
তোমাকেই মোৰ সখি প্ৰাণৰ ৷
প্ৰতিটো জনম কটাম ,
তোমাৰেই সানিধ্যত ৷
নিভাঁজ "বন্ধুত্বৰ প্ৰেম"ৰে ৷৷

Friday, 25 August 2017

[ উপদেশ ]

উপদেশ________যদি অসমাপ্ত আবেলি আৰু দীঘলীয়া ৰাতিৰ মাজৰ পাৰ্থক্যই বুজি নোপোৱা তেনেহলে তুমি কেতিয়াও কাৰোবাক ভাল পাবলৈ নাযাবা ।যদি পথৰ ওপৰত সৰি পৰা নিয়ৰসনা শেৱালীৰ ওপৰত ভৰিৰ গচক পেলাব পাৰা তেনেহলে তুমি কেতিয়াও কাৰোবাক ভাল পাব নিবিচাৰিবা ।যদি বুকুৰ মাজত জাগি উঠাপুৰণি দুখ -বেদনা বোৰক এক নিশ্বাসত দমাব নোৱাৰা তেনেহলে তুমি কেতিয়াও কোনো নাৰীক কিম্বা কোনো নদীক কোনো অৰণ্যক কিম্বা কোনো পাহাৰক ভাল পাবলৈ চেষ্টা নকৰিবা ।

বিশ্বাস--------�

বিশ্বাস--------�বিশ্­বাস এটা সৰু শব্দযাক উচ্চাৰণ কৰোতে সময় লাগে কেৱল এক চেকেণ্ড ,যাক ভাবি চাবলৈ সময় লাগে কেৱল এক মিনিট ,যাক বুজি পাবলৈ সময় লাগে কেৱ্ল কেইটামান দিন ,কিন্তু তাক প্ৰমাণ দিবলৈসময় লাগে গোটেই জীৱন ।

© ক্ষুদ্ৰ অনুভূতি ©

ক্ষুদ্ৰ অনুভূতি"""""" নাজানোঁ জীৱনৰ শেষ কেতিয়া হব, যেতিয়া নুমাই যায় পোহৰ তেতিয়াই নামি আহে অন্ধকাৰ।‌ ধূসৰ শূণ্যতাই বুকু চিঙি কৈ দিয়ে--+ মই বোলে যাযাবৰ, নিৰৱতা নৃত্য কৰে, তাতে দেখোঁ , মই চিৎকাৰ কৰোঁ, থমকি যায় জীৱন চলাৰ পথ।‌ মোৰ আৰ্তনাদ বুকু ফটা চিৎকাৰ নাই যে কোনো শুনাৰ।‌ পথ হেৰুৱা বাটত হাবাথুৰি খাই  ঘুৰি ফুৰোঁ মনত জাগে হতাশাৰ হাহাকাৰ।‌ শান্তনা দি পুহি ৰাখি বুকুত হাত থৈ কওঁ নাই যে একোৱেই হেৰুৱাৰ।‌ পথত চলো নিৰৱধি খুজোঁ বিধাতাৰ লিখা সেই মৃত্যু দুৱাৰৰ কাৰণে যি মোৰ অপেক্ষাত আছে জীৱনৰ পূৰ্ণতা পাবলৈ  অপেক্ষাত মই এক ক্লান্ত যাযাবৰ।‌

Wednesday, 23 August 2017

❤ জীৱনক ভালপাওঁ ❤

জীৱনক ভালপাওঁ। জানো মৃত্যুলৈকে ধীয়াই জীৱন আগবাঢ়ে। অনেক খলা-বমা আছে তাত। কাঁইটীয়া বাটে বাৰে বাৰে বাট আগচি ধৰে। তথাপিওচোন হাঁহিবোৰ ভাল লাগে। সুখ-দুখ, হাঁহি-কান্দোন আছে জীৱনত। থাকে, থাকিবই। সেইবুলি থমকি ৰোৱা নাযায়। নিৰ্জনতা ভালপাওঁ কিন্তু নিঃসংগতা বেয়া পাওঁ। এধানি মৰমেৰে বুকুখন উমাল কৰি ৰাখিব খোজোঁ। বহু বেছি একো নালাগে মোক লাগে মাথোঁএখন বিশ্বাসৰ হাত। অলপ আত্মীয়তাৰ পৰশ। সপোন ভাঙিলেও ভালপোৱাবোৰে মোক আকুল কৰি তোলে মই হৈ থাকিবৰ জোখাৰে.....